ষষ্ঠ দিনালৈকে ৰত্নাকৰৰ সৰ্বমুঠ বক্স অফিচ কালেকচন হ’ল প্ৰায় ২ কোটি ৭৬ লাখ টকা
বক্স অফিচত অব্যাহত আছে যতীন বৰাৰ ৰত্নাকৰৰ জয়যাত্ৰা। মুক্তিৰ ষষ্ঠ দিনা ছবিখনে উপাৰ্জন কৰে ৪২ লাখ টকা। ষষ্ঠ দিনালৈকে ৰত্নাকৰৰ সৰ্বমুঠ বক্স অফিচ কালেকচন হ’ল প্ৰায় ২ কোটি ৭৬ লাখ টকা। ৰত্নাকৰৰ এনে ঈৰ্ষণীয় সফলতাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে যতীন বৰাৰ লগতে প্ৰযোজিকা নৱনীতা শৰ্মা বৰাই। বৃহস্পতিবাৰেও ৰাজ্যৰ অধিকাংশ চিত্ৰগৃহত হাউছফুল হৈছে ৰত্নাকৰ। ফলস্বৰূপে মুক্তিৰ প্ৰথম সপ্তাহতে যতীন বৰাৰ ছবিখনে তিনি কোটিৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
ৰত্নাকৰৰ উপাৰ্জন
প্ৰথমদিনা– ৪১ লাখ ।
দ্বিতীয় দিনা– ৪৯.৫ লাখ।
তৃতীয় দিনা– ৫৫ লাখ।
চতুৰ্থ দিনা– ৪৩ লাখ।
পঞ্চম দিনা– ৪৫ লাখ।
0 Comments