"জয় হনুমেন"প্ৰথম অসমীয়া ছুপাৰ হিৰো থকা চিনেমা।

  অসমীয়া চিনেমা জগত নতুন কৈ খলকনি তুলিবলৈ আহি আছে জয় হনুমেন শীৰ্ষক চিনেমা খন।অসমৰ এজন প্ৰতিভাশালী পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত অহা ১৮ অক্টোবৰ,২০২৪ ত গোটেই অসমতে মুক্তি লাভ কৰিব জয় হনুমেনে।


পৰিচালক হিমাংশু দাসে কয়, "বিশ্ববিদ্যালয়ত পঢ়ি থকা লৰা জনে কেতিয়া হনুমেন হয় কেতিয়া কলেজৰ আদ্দাত সকোলোৰে লগত আদ্দা দিয়া,কাবাদী খেলা ইয়াৰ মাজতেই গোটেই চিনেমাখনৰ কাহিনি।

চিনেমা খন আছলতে আমাৰ হিন্দু ধৰ্মৰ হনুমানক লৈ নহয় আৰু নামটো হনুমান নহৈ হনুমেন হে সেয়া হিমাংশু প্ৰসাদ দাসে কয়।

ছবি খনত অমৃতা গগৈয়ে গুৰুত্ব পুৰ্ন চৰিত্ৰত অভিনয় কৰিছে।

ছবিগৃহত সকলোৱে উপভোগ কৰক জয় হনুমেন। এয়াই আমি বিছাৰো বলছবি ডট ইনৰ তৰফৰ পৰা।অসমীয়া চিনেমাৰ সুদিন চলি থাকক এয়াই কামনা।

Post a Comment

0 Comments